10 oldest cities in the world // পৃথিৱীৰ 10 খন পুৰণি চহৰ

 

 
           পৃথিৱীৰ প্ৰথম খন প্ৰাচীন চহৰ মেছোপটেমিয়াত নিওলিথিক যুগত বিকশিত হৈছিল যদিও এই প্ৰাৰম্ভিক চহৰবোৰৰ বহুতো এতিয়া কালৰ গতিত বিলীন, তথাপিও এনে কিছুমান চহৰ আছে যি বৰ্তমানেও নিজৰ অস্তিষ্ট বজাইৰাখি আধুনিক চহৰলৈ বিকশিত হৈছে। এটা সময়ত বিশ্বৰ বিভিন্ন মুখ্য সভ্যতাৰ ৰাজধানী এই প্ৰাচীন চহৰবোৰৰ সমৃদ্ধ ইতিহাস আছে আৰু বহুতো ধ্বংসাৱশেষ আৰু স্মাৰক থিয় হৈ আছে যিবোৰে বছৰি হাজাৰ হাজাৰ পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।

পৃথিৱীৰ 10 খন পুৰণি চহৰ

ডামাস্কাচ, চিৰিয়া11,000 বছৰ পুৰণি

আলেপ্পো, চিৰিয়া8,000 বছৰ পুৰণি

বাইব্লোচ, লেবানন7,000 বছৰ পুৰণি

আৰ্গোচ, গ্ৰীচ – 7,000 বছৰ পুৰণি

এথেন্স, গ্ৰীচ7,000 বছৰ পুৰণি

চুচা, ইৰাণ – 6,300 বছৰ পুৰণি

এৰবিল, ইৰাকী কুৰ্দিস্তান6,000 বছৰ পুৰণি

চিডন, লেবানন6,000 বছৰ পুৰণি

জেৰুজালেম, ইজৰাইল- 5,021 বছৰ পুৰণি

লাক্সৰ, ইজিপ্ত- 3,400 বছৰ পুৰণি

ডামাস্কাচ, চিৰিয়া – 11,000 বছৰ পুৰণি

দামাস্কাছ হৈছে মধ্য প্ৰাচ্যৰ এখন প্ৰাচীন চহৰ যি অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক আৰু বাণিজ্যিক কেন্দ্ৰ। যদিও দামাস্কাছত কেতিয়াৰ পৰা বসতি স্থাপন কৰা হৈছিল তাৰ নিশ্চিত তথ্য পোৱা নাযায় তথাপিও, প্ৰত্নতাত্ত্বিকসকলে চহৰ খনত প্ৰথম বসতি খ্ৰীষ্টপূৰ্ব ৩য়  সহস্ৰাব্দৰ পৰা আৰম্ভ হৈছিল বুলি অনুমান কৰে। পৃথিৱীৰ আটাইতকৈ পুৰণি চহৰ দামাস্কাছ বৰ্তমান দুই নিযুততকৈও অধিক জনসংখ্যাৰ এখন মহানগৰীয় অঞ্চল যাক ২০০৮ চনত আৰৱৰ সংস্কৃতিক ৰাজধানী হিচাপে নামাকৰণ কৰা হৈছিল।

চহৰখন প্ৰথমবাৰৰ বাবে বসতি স্থাপন কৰাৰ সময়ত, গ্ৰীক, ৰোমান, আৰৱ মুছলমান, চেলজুক তুৰ্ক আৰু অটোমান তুৰ্কীকে ধৰি চহৰখন দখল কৰা বিভিন্ন লোকৰ বাবে দামাস্কাছ গুৰুত্বপূৰ্ণ হৈ পৰিছিল। এই সভ্যতাবোৰৰ প্ৰতিটোৱে স্থাপত্য আৰু সাংস্কৃতিক পৰম্পৰাৰ জৰিয়তে দামাস্কাছত তেওঁলোকৰ চাপ ৰাখি গৈছিল যিবোৰ এতিয়াও সমগ্ৰ চহৰখনত সভ্যতাৰ উত্থান পতনৰ ইতিহাসৰ বৰ্ণনা কৰি আহিছে। বৰ্তমান সময়ত, দামাস্কাছ হৈছে চিৰিয়াৰ ৰাজধানী চহৰ হোৱাৰ লগতে দেশখনৰ সৰ্ববৃহৎ চহৰ।

আলেপ্পো, চিৰিয়া – 8,000 বছৰ পুৰণি

চিৰিয়াৰ গৃহযুদ্ধৰ কেন্দ্ৰ হিচাপে পৰিচিত আলেপ্পো চহৰখন বিশ্বৰ এখন অত্যন্ত প্ৰচীন চহৰ হোৱাৰ লগতে যুদ্ধৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। যদিও চহৰখনৰ সঠিক বয়স জনা নাযায়, তথাপিও চহৰ খনত সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব 5000 চনৰ পৰা মানুহে বসবাস কৰি আহিছে; আলেপ্পো প্ৰকৃততে ভূমধ্য সাগৰ আৰু মেছোপটেমিয়াৰ মাজত অৱস্থিত, আৰু ইয়াৰ ভৌগোলিক অৱস্থানৰ বাবে, ই প্ৰাচীন যুগত এক গুৰুত্বপূৰ্ণ বাণিজ্য কেন্দ্ৰ হৈ পৰিছিল। অৱশ্যে, চৰকাৰ আৰু বিদ্ৰোহী বাহিনীৰ মাজত হোৱা যুদ্ধৰ ফলত হাজাৰ হাজাৰ লোক নিহত হৈছে আৰু বহুতে ঘৰৰ পৰা পলাই যাবলৈ বাধ্য হৈছে। প্ৰাচীন ঐতিহ্যৰে সমৃদ্ধ মহান চহৰখন 1986 চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত হৈছিল।

বাইব্লোচ, লেবানন – 7,000 বছৰ পুৰণি

পুৰাতাত্ত্বিক গৱেষণা অনুসৰি, 8800-7000 খ্ৰীষ্টপূৰ্বৰ মাজত নিওলিথিক যুগত বাইব্লোছ চহৰত  প্ৰথম জনবসতি আৰম্ভ হৈছিল। প্ৰাচীন এগপিটিয়ান যুগত, বাইব্লোচ এক মুখ্য বাণিজ্য কেন্দ্ৰ হৈ পৰিছিল কিয়নো চহৰখন ইজিপ্তলৈ দেৱদাৰ আৰু মূল্যৱান কাঠৰ মুখ্য ৰপ্তানিকৰ্তা চহৰ আছিল। বাইব্লোছ চহৰতেই ফনিচিয়ান বৰ্ণমালা বিকশিত হৈছিল আৰু প্ৰায় সকলো বোৰ প্ৰাৰম্ভিক ফনিচিয়ান শিলালিপি অঞ্চলটোৰ পৰা উদ্ধাৰ হৈছে। পৌৰাণিক কাহিনী অনুসৰি, বাইব্লছ হৈছে ক্ৰনাছে নিৰ্মাণকৰা ফনিচিয়াৰ প্ৰথম চহৰ।

বাইব্লোছ চহৰত পোনপ্ৰথমে ১৯২১ চনত পিয়েৰ মণ্টেটে পুৰাতাত্বিক খনন কাৰ্য আৰম্ভ কৰিছিল আৰু ১৯৮৪ চনত ইয়াক ইউনেস্কো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে মনোনীত কৰা হৈছিল।

আৰ্গোচ, গ্ৰীচ – 7,000 বছৰ পুৰণি

আৰ্গোছ বিগত 7,000 বছৰ ধৰি নিৰন্তৰভাৱে বাস কৰি অহা চহৰ। মাইচিনিয়ান যুগত ইয়াক এক মুখ্য দুৰ্গ হিচাপে ব্যৱহাৰ কৰা হৈছিল। স্পাৰ্টান শক্তিৰ উত্থানৰ আগলৈকে আৰ্গোছ চহৰখন পেলোপনিজৰ প্ৰভাৱশালী শক্তি আছিল।

ৰোমান শাসনৰ অধীনত আৰ্গোছ পুনৰ গুৰুত্বপূৰ্ণ হৈ পৰে আৰু বাইজেন্টাইন যুগত বিকশিত হয়। এটা সময়ত গ্ৰীক চৰকাৰে ৰাজধানীখন আৰ্গোছলৈ স্থানান্তৰ কৰাৰ কথা বিবেচনা কৰিছিল, কিন্তু অৱশেষত ১৮৩৪ চনত এথেন্সক বাছনি কৰিছিল। আৰ্গোচ চহৰখনত কেইবাটাও গ্ৰীক পৌৰাণিক কাহিনীত উল্লেখিত হয়। ইয়াক জিউছ দেৱতাৰ পুত্ৰ পাৰ্চিয়াছৰ জন্মস্থান বুলি বিশ্বাস কৰা হয়।

এথেন্স, গ্ৰীচ – 7,000 বছৰ পুৰণি

এথেন্স পশ্চিমীয়া সভ্যতাৰ আটাইতকৈ পুৰণি আৰু গুৰুত্বপূৰ্ণ চহৰসমূহৰ ভিতৰত এখন। চহৰখনত খ্ৰীষ্টপূৰ্ব 4 সহস্ৰাব্দৰ শেষৰ ফালে নিওলিথিক যুগৰ সময়ৰ পৰা বাস কৰি আহিছে। খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দলৈ এথেন্স প্ৰাচীন গ্ৰীচৰ আগশাৰীৰ চহৰ হিচাপে পৰিগণিত হয়। গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি, এথেন্সক ইয়াৰ পৃষ্ঠপোষক দেৱী এথেনাৰ বাবে নামাকৰণ কৰা হৈছিল যেতিয়া তেওঁ চহৰখনক এটা জলফাই গছ উপহাৰ দিয়াৰ বাবে পচাইডনৰ বিৰুদ্ধে সন্মান লাভ কৰিছিল, যি শান্তি আৰু সমৃদ্ধিৰ প্ৰতীক।

এই চহৰখন দৰ্শনৰ এক প্ৰাচীন ঘৰ আৰু পশ্চিমীয়া সভ্যতাৰ জন্মস্থান। দৰাচলতে ই ছক্ৰেটিছ, প্লেটো আৰু এৰিষ্টটলৰ দিনৰ বহু আগতে থকা বাসস্থানৰ বিষয়ে গৌৰৱ কৰে। চহৰখনে সময়ৰ পৰীক্ষাৰ সৈতে মোকাবিলা কৰিছিল আৰু ডৰিয়ান আৰু পাৰ্চী আক্ৰমণৰ পিছত সম্পূৰ্ণ ধ্বংসৰ বিষয় আছিল। বৰ্তমান সময়ত, এথেন্স হৈছে এক বিশাল মহানগৰ আৰু ইউৰোপৰ আটাইতকৈ পুৰণি ৰাজধানী চহৰ।

চুচা, ইৰাণ – 6,300 বছৰ পুৰণি

চুচা হৈছে প্ৰাচ্যৰ এখন অন্যতম আৰু গুৰুত্বপূৰ্ণ প্ৰাচীন চহৰ। টাইগ্ৰিছ নদীৰ ওচৰত অৱস্থিত এই চহৰখন ইলাম সভ্যতাৰ বাসগৃহ আছিল। এইটো বিশ্বাস কৰা হয় যে চহৰখন এসময়ত এছিৰিয়ানসকলৰ দ্বাৰা সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছিল। পাৰ্চী সাম্ৰাজ্যৰ সময়ছোৱা ইয়াৰ ইতিহাসত আটাইতকৈ গৌৰৱময় দিন আছিল। বৰ্তমান এই প্ৰাচীন চহৰখনত প্ৰায় 77,000 ৰো অধিক লোকে বসবাস কৰে।

এৰবিল, ইৰাকী কুৰ্দিস্তান – 6,000 বছৰ পুৰণি


আৰবিল উত্তৰ ইৰাকৰ এখন চহৰ আৰু আৰবিল প্ৰদেশৰ ৰাজধানী। ই মছুল চহৰৰ ওচৰত অৱস্থিত। সুমেৰীয়াসকলে খ্ৰীষ্টপূৰ্ব ২৩০০ চনত চহৰখন স্থাপন কৰিছিল। ইৰবিলত সহস্ৰাব্দ ধৰি পাৰ্চী, গ্ৰীক, ৰোমান, মঙ্গোল আৰু অটোমান তুৰ্কীসকলে বাস কৰি আহিছে।। সুমেৰিয়ানসকলে চহৰখনক উৰ্বিলাম বুলি মাতিছিল। ইতিহাসৰ আৰম্ভণিৰ পৰাই আৰবিল এক গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগনিত হৈ আহিছে। আৰবিলৰ ওচৰৰ গৌগামেলা নামৰ এখন গাঁৱত মহাবীৰ আলেকজেণ্ডাৰে খ্ৰীষ্টপূৰ্ব ৩৩১ চনত পাৰ্চিয়াৰ তৃতীয় ৰজা দাৰিউচক পৰাস্ত কৰে। ই বৰ্তমান ইৰাকৰ সংখ্যাগৰিষ্ঠ কুৰ্দি অধ্যুষিত চহৰ। ১৯৯০ ৰ দশকৰ আৰম্ভণিতে কুৰ্দি জনজাতিসকলে উৰ্বিলত যুঁজ দিছিল। ১৯৯৬ চনত যেতিয়া কুৰ্দিস্তান ডেমক্ৰেটিক পাৰ্টিৰ (কেডিপি) নেতাসকলে ছাদ্দাম হুছেইনক গৃহযুদ্ধ নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায়, ছাদ্দামে ৩০,০০০ সৈন্যৰ এটা নৌবহৰ প্ৰেৰণ কৰে আৰু ইয়াত কেডিপিক শাসনভাৰ প্ৰদান কৰে। ইয়াত প্ৰায় ৩ লাখ লোক বাস কৰে। ই ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ।

চিডন, লেবানন – 6,000 বছৰ পুৰণি

অতি কমেও যোৱা ৬,০০০ বছৰ ধৰি বাস কৰা চিডন ভূমধ্যসাগৰৰ এক গুৰুত্বপূৰ্ণ বন্দৰ হিচাপে অৱস্থান কৰাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ফনিচিয়ান চহৰসমূহৰ ভিতৰত এখন অন্যত্বম চহৰ। চিডন হৈছে লেবাননৰ তৃতীয় বৃহত্তম চহৰ আৰু দক্ষিণ গভৰ্ণৰেটত অৱস্থিত। গ্লাছ উৎপাদনে চিডনক ধনী আৰু বিখ্যাত কৰি তুলিছিল আৰু চহৰখন প্ৰগতিশীল হোৱাৰ বাবে জনাজাত হৈছিল। লগতে, ফোনিচিয়ানসকলে জাহাজ নিৰ্মাণ আৰু ভূমধ্য সাগৰ ভ্ৰমণ কৰাত তেওঁলোকৰ দক্ষতাৰ বাবে জনাজাত আছিল।

জেৰুজালেম, ইজৰাইল- 5,021 বছৰ পুৰণি


জেৰুজালেম ভূমধ্য সাগৰ ৰ আৰু মৃত সাগৰ ৰ মাজত জুডিয়ান পৰ্বতমালা ৰ এক মালভূমিত অৱস্থিত বিশ্বৰ ভিতৰতে এক প্ৰাচীন চহৰ। পুৰাতাত্ত্বিক প্ৰমাণে দেখুৱাইছে যে যিৰূচালেমত খ্ৰীষ্টপূৰ্ব ৪ৰ্থ সহস্ৰাব্দৰ পৰা মানুহে বসবাস কৰি আহিছে। এই চহৰখন বিশ্বৰ তিনিটা ধৰ্ম, মুছলমান, খ্ৰীষ্টান আৰু ইহুদী লোকৰ বাবে এক পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়। ইজৰাইল আৰু পেলেষ্টাইন দুয়োখন দেশে এই চহৰক ৰাজধানী বুলি গণ্য কৰে আৰু ইয়াৰ ওপৰত অধিকাৰ দাবী কৰি আহিছে। দীঘলীয়া ইতিহাসত জেৰুজালেম কমেও দুবাৰ ধ্বংস কৰা হৈছিল, ২৩ বাৰ ঘেৰাও, ৫২ বাৰ আক্ৰমণ আৰু ৪৪ বাৰ বলপূৰ্বক দখল কৰা হৈছিল।

বৰ্তমান জেৰুজালেমৰ স্থিতি ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষৰ মূল বিতৰ্কিত বিষয়। ১৯৪৮ চনৰ আৰব-ইজৰাইলী যুদ্ধৰ সময়ত, ইজৰাইলে অন্যান্য অঞ্চলৰ লগতে পশ্চিম জেৰুজালেম অধিকাৰ কৰে। পূব জেৰুজালেমৰ লগতে প্ৰাচীন মহানগৰখন পৰৱৰ্তী কালত জৰ্ডানে অধিকাৰ কৰে। কিন্তু ১৯৬৭ চনত ইজৰাইলে ’ছদিনীয়া যুদ্ধ’ Six-Day War-ৰ অন্তত জৰ্ডানৰ পৰা এই অংশও নিজৰ অধীনলৈ নিয়ে। ইজৰাইলৰ ১৯৮০ জেৰুজালেম আইনে এই চহৰক ইজৰাইলৰ ৰাজধানী বুলি ঘোষণা কৰে।

লাক্সৰ, ইজিপ্ত- 3,400 বছৰ পুৰণি

লাক্সৰ প্ৰাচীন চহৰ থেবেছৰ স্থানত বহে, যি নতুন ৰাজ্যৰ সময়ত ইজিপ্তৰ ৰাজধানী আছিল। চহৰখন প্ৰায় ৩২০০ খ্ৰীষ্টপূৰ্বত স্থাপিত লাক্সৰ চহৰখন সৰু ব্যৱসায়িক পদ হিচাপে আৰম্ভ হৈছিল আৰু অৱশেষত ইয়াৰ উন্নতি শীৰ্ষত থকা সময়ত ইজিপ্ত সাম্ৰাজ্যৰ কেন্দ্ৰ আৰু অন্যতম ধনী চহৰ হৈ পৰাৰ লগতে এসময়ত ইজিপ্তৰ ৰাজধানীত পৰিনত হৈছিল।

বৰ্তমানেও লাক্সৰ চহৰত বহুতো প্ৰাচীন গাঁথনি আৰু ধ্বংসাৱশেষ বিদ্যমান, যাৰ ভিতৰত আছে কাৰ্ণক আৰু লাক্সৰ মন্দিৰ, কেইবাটাও স্মৃতিস্তম্ভ, মূৰ্তি আৰু থেবান নেক্ৰোপলিছ। ১৯৭৯ চনত থেবছৰ প্ৰাচীন ধ্বংসাৱশেষ ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বিকৃতি লাভকৰে। 416 বৰ্গ কিমি জোৰা এই চহৰ খনত বৰ্তমান প্ৰায় 1,328,429 ৰো অধিক লোকে বসবাস কৰে।

Post a Comment

Previous Post Next Post