অৰুণাচল প্ৰদেশত ভ্ৰমণ কৰিব লগা ১০ টা উল্লেখযোগ্য স্থান
উত্তৰ-পূৰ্বাঞ্চলৰ সাত ভনীৰ ৰাজ্যকেইখনৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্যহৈছে অৰুণাচল প্ৰদেশ। পৰ্বত-পাহাৰ, নদ-নদী তথা প্ৰাকৃতিক সৌন্ধৰ্যৰে ভৰপূৰ ৰাজ্য যিখনে সূৰ্যৰ প্ৰথম কিৰনক ভাৰতবৰ্ষলৈ স্বাগতম জনাই। কালিকা পুৰানৰ পৰা মহাভাৰততো অৰুনাচল প্ৰদেশৰ উল্লেখ পোৱা যায়। অসংখ্য ঐতিহাসিক স্মৃতিস্তম্ভ আৰু পুৰাত্বিক অৱশেষৰ লগতে বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী উদ্ভিদ আৰু জীৱজন্তুৰে ভৰপুৰ অৰুণাচল প্ৰদেশক জৈৱ বৈচিত্ৰ্যৰ হটস্পট হিচাপেও জনা যায়। পাহাৰীয়া ৰাজ্য হোৱাৰ বাবে অৰুনাচল প্ৰদেশত যথেষ্ট পৰিমানে দুঃসাহসিক ক্ৰীড়াৰ সা-সুবিধাও উপলব্ধ। এই বোৰৰ উপৰিও অৰুনাচল প্ৰদেশৰ বৈচিত্ৰময় সংস্কৃতিয়ে প্ৰতি বছৰে ইয়ালৈ হাজাৰ হাজাৰ দৰ্শকক আকৰ্শন কৰে।
তলত অৰুণাচল প্ৰদেশত ভ্ৰমণ কৰিবলগা অৰুণাচল প্ৰদেশত ভ্ৰমণ কৰিব লগা ১০ টা উল্লেখযোগ্য স্থানৰ বিষয়ে উল্লেখ কৰা আছে।
টাৱাং
অপৰূপ প্ৰাকৃতিক সৌন্ধৰ্য আৰু ঐতিহাসিক সম্পদেৰে সমৃদ্ধ টাৱাং চহৰ বমডিলাৰ পৰা ১৮৩ কিলোমিটাৰ দূৰত্বত সমুদ্ৰপৃষ্ঠৰ পৰা ১২,০০০ ফুট উচ্চতাত অৱস্থিত। টাৱাং চহৰখন মনপা জনজাতি লোকৰ বাসস্থান। টাৱাঙলৈ যোৱা অতি ৰোমাঞ্চকৰ দুৰ্গম যাত্ৰাপথৰ নৈসৰ্গিক সৌন্ধৰ্যই পৰ্যটক সকলক আনন্দত আত্মহাৰা কৰিতোলে।
বছৰটোৰ সৰ্বাধিক সময়
বৰফেৰে ঢকা, কুঁৱলী আৱৰা টাৱাঙে সকলো শ্ৰেনীৰ পৰ্যটককে আকৰ্ষিত কৰিব পাৰে। টাৱাঙত
বসবাস কৰা মনপা জনজাতিৰ সংস্কৃতি, নৃত্য-গীত, বিভিন্ন ধৰনৰ হস্তশিল্পজাত সামগ্ৰী
আৰু বসন্ত উৎসৱ আৰু শীত উৎসৱে হাজাৰ হাজাৰ লোকক আকৰ্ষন কৰে। বিশেষ কৈ বসন্ত কালত
উদযাপন কৰা লাচাৰ উৎসৱ এনে এক আকৰ্ষনীয় উৎসৱ, য’ত অংশগ্ৰহন
কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ বৌদ্ধধৰ্মালম্বী লোক সকলক টাৱাংলৈ লৈ যায়। তলত টাৱাংত দৰ্শন কৰিব লগা স্থানসমূহ উল্লেখকৰা হৈছে।
উল্লেখযোগ্য
স্থানসমূহঃ
- চেলা পাছ
- টাৱাং মঠ
- টাক্তচাং গোম্পা
- গোৰিকেন পিক
- শ্বংগা-ছেৰ হ্ৰদ
- নুৰানাং জলপ্ৰপাত
- মাধুৰী লেক্
- বুমলা পাছ
- টাৱাং বাৰ মেম’ৰিয়েল
- বাপ ছেং কান জলপ্ৰপাত
- যশোৱন্ত গড়
ৰ’য়িং
ৰ’য়িং হৈছে অৰুণাচল প্ৰদেশৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটকৰ আকৰ্ষণস্থলী। দিবাং উপত্যকাৰ নিম্ন ভাগত অৱস্থিত ৰ’য়িংৰ মনোৰম সৌন্দৰ্যই পৃথিৱীৰ সকলো প্ৰান্তৰ পৰ্যটকসকলক আকৰ্ষিত কৰে। ৰ’য়িংৰ প্ৰাকৃতিক মনোৰম প্ৰাকৃতিক পৰিবেশ, দুঃসাহসিক ক্ৰীড়াক্ষেত্ৰ আৰু প্ৰত্নতাত্বিক সমল সমুহেই প্ৰধানত ৰইংৰ মুখ্য পৰ্যটকৰ আকৰ্ষন। তলত ৰ’য়িংত দৰ্শন কৰিব লগা স্থানসমূহ উল্লেখকৰা হৈছে।
উল্লেখযোগ্য
স্থানসমূহঃ
মায়োডিয়া
মিয়াও হ্ৰদ
মিয়াও বন্যপ্ৰাণী অভয়াৰণ্য
ভিস্মকনগৰ কিল্লা
হুনলী
নিজ’মা ঘাট
নেহৰু ভান উদ্যান
ৰুকমিনি নাটি
চেলী হ্ৰদ
এপি-পানী ঘাট
ইটানগৰ
অৰুণাচল প্ৰদেশ ৰাজ্যৰ ৰাজধানী ইটানগৰ ভ্ৰমণ নকৰাকৈ কোনো পৰ্যটকৰে অৰুণাচল ভ্ৰমণ সম্পূৰ্ণ নহয়। ৰাজধানী চহৰ ইটানগৰত বিভিন্ন প্ৰাকৃতিক, পুৰাত্বাত্তিক আৰু বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক সমল আছে, যিবোৰে পৰ্যটকক আকৰ্ষিত কৰে। ইটানগৰত ইটানগৰ বন্যপ্ৰাণী অভয়াৰণ্য, ইটা ফোৰ্ট, ৰাজ্যিক সংগ্ৰহালয়, গংগা হ্ৰদ, পোলো পাৰ্ক ইত্যাতি আছে। ইটানগৰ বন্যপ্ৰাণী অভয়াৰণ্য হৈছে এক বিস্তৃত অভয়াৰণ্য য'ত লঙ্গুৰ, এণ্টেলোপ, হিমালয়ৰ ক'লা ভালুক, পোৰ্কুপিন, গ’ৰিলা (ভ্ৰমণ: ইটানগৰত ভ্ৰমণ ৰখা স্থান) কে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই পোৱাযায়। গংগা হ্ৰদৰ সেউজীয়া অৰণ্য আৰু আৰ্কিডৰ সৈতে মনোৰম দৃশ্যই সকলোৰে মনক প্ৰশান্ত কৰিতোলে। তলত ইটানগৰত দৰ্শন কৰিব লগা স্থানসমূহ উল্লেখকৰা হৈছে।
উল্লেখযোগ্য
স্থানসমূহঃ
- গঙ্গা হ্ৰদ
- ইটা ফোৰ্ট
- ইটানগৰ বন্যপ্ৰাণী অভয়াৰণ্য
- নামদাফা ৰাষ্ট্ৰীয় উদ্যান
- পোলো পাৰ্ক
- জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয়
- গোম্পা
- ক্ৰাফ্ট চেণ্টাৰ আৰু এম্পোৰিয়াম
- ৰূপা
- ইন্দিৰা গান্ধী পাৰ্ক
বমডিলা
প্ৰকৃতিৰ অপৰূপ সৃষ্টি হিমালয়ৰ ওপৰত সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৮০০০ ফুট ওপৰত অৱস্থিত বছৰৰ বাৰমাহেই বৰফেৰে আবৃত্ত এখন চহৰ হৈছে বমডিলা। প্ৰকৃতি প্ৰেমীসকলৰ স্বৰ্গ ৰাজ্য বমডিলাত মুলত মংপা জনজাতিৰ লোক সকলে বস-বাস কৰে। হিমালয়ৰ বৰফে ঢাকি ৰেখা নয়নজুৰোৱা মনোৰম সৌন্দৰ্য, পাহাৰীয়া গাওঁবোৰ এই চহৰখনৰ পৰ্যটকৰ আকৰ্শনৰ মখ্য কাৰন। বমডিলাত দুটা বৌদ্ধ গুম্ফা আছে যিবোৰলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ বৌদ্ধধৰ্মীয় দৰ্শনাৰ্থী সকলৰ আগমন ঘটে। তলত বমডিলাত দৰ্শন কৰিব লগা স্থানসমূহ উল্লেখকৰা হৈছে।
উল্লেখযোগ্য
স্থানসমূহঃ
- ছেচা আৰ্কিড অভয়াৰণ্য
- ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য
- দিৰাং উপত্যকা
- বমডিলা মঠ
- আপেলৰ বাগান
- বমডিলা ভিউ পইণ্ট
- আৰ.আৰ. হিল
- ক্ৰাফ্ট চেণ্টাৰ আৰু এথনোগ্ৰাফিক সংগ্ৰহালয়
- টিপি ৰিকডেৰিয়াম
- ওপৰৰ গোম্পা
- নিম্ন গোম্পা
- মধ্য গোম্পা
জিৰ’
অরুণাচল প্ৰদেশৰ জিৰ’ উপত্যকা হৈছে এক মনোৰম ভূ-স্বৰ্গ। অপাটনি জনজাতিৰ ঘৰ, সেউজীয়া ধাননি পথাৰেৰে উপত্যকাটো ভৰি আছে। জিৰ’ক অপাটনি মালভূমি বুলিও বিখ্যাত।
যদিও বেছিভাগ লোকে
জিৰ’ৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ উদ্দেশ্য ভ্ৰমণ কৰে, তথাপিও উপত্যকাটোত
বহুতো আকৰ্ষণী স্থান আছে যেনে টালি উপত্যকা বন্যপ্ৰাণী অভয়াৰণ্য, প্ৰায় এক দশক আগতে আৱিষ্কাৰ কৰা সিদ্ধেশ্বৰনাথ
মন্দিৰ য'ত এটা প্ৰাকৃতিক শিৱ লিঙ্গ আছে।
উপত্যকাত কৰা
আটাইতকৈ আকৰ্ষণীয় উৎসৱ হৈছে জিৰ’ সংগীত উৎসৱ। এই সংগীত উৎসৱত ৰাষ্ট্ৰীয় আৰু
আন্তৰ্জাতিক বিভিন্ন সংগীত শিল্পীৰ বেণ্ডে অংশগ্ৰহণ কৰে। সম্পূৰ্ণৰূপে বাঁহেৰে তৈয়াৰ কৰা এক কঠোৰ প্লাষ্টিক শূন্য পৰিবেশত এই
অনুস্থান আনুস্থিত হয়। তলত জিৰ’ত দৰ্শন কৰিব লগা স্থানসমূহ উল্লেখকৰা হৈছে।
উল্লেখযোগ্য
স্থানসমূহঃ
- টালি উপত্যকা বন্যপ্ৰাণী অভয়াৰণ্য
- মেঘনা গুহা মন্দিৰ
- কিলে পাখ'
- মিডি
- জিৰ’ পুটো
- ডোলো মাণ্ডো
- হাপোলি
- ডিলোপোলিয়ান মণিপোলেয়াং
- পাইন গ্ৰোভ
- টেৰিন মাছ ফাৰ্ম
- বাঁহৰ গ্ৰোভ
- টিপি অৰকিড গৱেষণা কেন্দ্ৰ
পাচিঘাট
পাচিঘাট হৈছে অৰুণাচল প্ৰদেশৰ চহৰবোৰৰ ভিতৰত আটাইতকৈ পুৰণি চহৰ। চিয়াং নদীৰ পাৰত অৱস্থিত এই চহৰ খনৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ১৫৫ মিটাৰ। প্ৰকৃতিৰ আশীৰ্বাদেৰে পুস্ত নদ-নদীৰে পৰিপুষ্ট চিৰসেউজ চহৰখনৰ প্ৰকৃতিক পৰিবেশ সকলোস্তৰৰ পৰ্যটককে আকৰ্ষন কৰে। পাংগিং আৰু দিয়িং এৰ’য়িং বন্যপ্ৰাণী অভয়াৰণ্য ইয়াত দুটা শীৰ্ষ পৰ্যটকৰ আকৰ্ষনীয় স্থান। তলত পাচিঘাটত দৰ্শন কৰিব লগা স্থানসমূহ উল্লেখকৰা হৈছে।
উল্লেখযোগ্য
স্থানসমূহঃ
- দায়িং এৰিং বন্যপ্ৰাণী অভয়াৰণ্য (Daying Ering Wildlife Sanctuary)
- পাংগিন (Pangin)
- ব’ডাক (Bodak)
- কেকাৰ মনিয়াং (Kekar Monying)
- কমছিং (Komsing)
- ক’মলিঘাট (Komlighat)
- পাছিঘাট বৌদ্ধ মন্দিৰ (Pasighat Buddhist Temple)
- পূব ছিয়াং জিলা সংগ্ৰহালয় (East Siang District Museum)
- আদি বানে কেবাং প্ৰধান কাৰ্যালয় (Adi Baane Kebang Headquarters)
- গমচি (Gomsi)
ভালুকপুং
হিমালয়ৰ পাদদেশত কামেং নদীৰ পাৰত ভালুকপং অৱস্থিত। বিভিন্ন প্ৰাকৃতিক সম্পদেৰে ভৰপুৰ ভালুকপংৰ সৌন্দৰ্য মনোৰম আৰু অতুলনীয়। ভালুকপুংৰ চাৰিওফালে থকা পাহাৰবোৰে বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰ সুবিধা প্ৰদান কৰে। হাইকিং, ট্ৰেকিং আৰু ৰিভাৰ ৰাফটিংৰ দৰে বিভিন্ন দুঃ-সাহসিক ক্ৰীড়াই ভালুকপুঙলৈ পৰ্যটকৰ আগমন ঘটে।
আনিনি
ভাৰত-চীন সীমান্তত অৱস্থিত আনিনি হৈছে অৰুণাচল প্ৰদেশৰ আটাইতকৈ আকৰ্ষণীয় স্থান। ব্ৰহ্মপুত্ৰ নদীৰ দুখন উপনদীৰ মাজৰ এটা মালভূমিৰ ওপৰত সাগৰৰ পৃস্থৰ পৰা বহু উচ্চতাৰ অৱস্থিত চহৰখন অনবৰতে বগা কুঁৱলীত আৱৰি থকে। বিভিন্ন প্ৰকৃতিক সম্পদেৰে ভৰপুৰ মিছিমি জনজাতীয় লোক সকলৰ বাসস্থান আনিনিৰ এক আনন্দদায়ক জলবায়ুৱে বিভিন্ন স্থানৰ পৰ্যটকক আকৰ্ষণ কৰে। দিবাং বন্যপ্ৰানী অভয়াৰন্য আৰু ইয়াৰ আশে-পাশে থকা বিভিন্ন প্ৰাকৃতিক সম্পদৰাজি তথা ইদু মিচিমিসকলৰ প্ৰাণৰ উৎসৱ ‘ৰেহ ফেষ্টিভেল’ আনিনিৰ পৰ্যটকৰ মুখ্য আকৰ্ষন।
আলং
সেউজীয়া উপত্যকা, পাহাৰ আৰু কমলা বাগানবোৰে ভৰপুৰ, মনোৰম সৌন্দৰ্যৰ অধিকাৰী পশ্চিম চিয়াং জিলাত অৱস্থিত এখন চহৰ হৈছে আলং। ই অসম- অৰুনাচলৰ সীমান্তত অৱস্থিত এই চহৰখনত পৰ্যটক সকলৰ বাবে আছে অফুৰন্ত সমল। বিভিন্ন জনজাতিৰ জনজাতীয় সংস্কৃতি আৰু পৰম্পৰাৰে সমৃদ্ধ আলঙতেই আছে মেচুকা উপত্যকা, ৰামকৃষ্ণ আশ্ৰম, ডনি পোলো মন্দিৰ, পাটাম দলং, কায়িং ভিলেজ, জিৰদিন আৰু ওলমি থকা দলং ইত্যাদি বহুতো জনপ্ৰিয় পৰ্যটন স্থলী, যিবোৰ বাদ দি আৰুনাচলৰ পৰ্যটন ক্ষেত্ৰখন আধৰুৱা। এইবোৰৰ উপৰিও দুঃসাহসিক পৰ্যটনৰ বাবে আলং এখন অতি জনপ্ৰিয় স্থান। আলংত নদীৰ ৰাফটিং আৰু ট্ৰেকিং লগতে বিভিন্ন ধৰনৰ দুঃসাহসিক ক্ৰীড়াৰ আছে পৰ্যাপ্ত সুবিধা।
দিৰাং
দিৰাং হৈছে এক
অন্বেষণিত ৰত্ন, যি অৰুণাচল প্ৰদেশৰ মৰুভূমিত লুকাই আছে।
এই অদ্ভুত গাওঁখন বহুতো পৰ্যটকৰ বাবে অসমৰ পৰা টাৱাঙৰ ফালে আগবাঢ়ি যোৱাৰ বাবে এটা
বন্ধ। কলাচক্ৰ গোমপা আৰু দিৰাং ডিজঙৰ উপস্থিতিৰ জৰিয়তে ইয়াত বৌদ্ধ ধৰ্ম আৰু
ভূটানসংস্কৃতিৰ এক মুখ্য প্ৰভাৱ পোৱা যায়। টাৱাঙৰ ফালে যাওঁতে এই সুন্দৰ গাওঁখন
অন্বেষণ কৰক।
উল্লেখযোগ্য
স্থানসমূহঃ:
- ইয়াকৰ ওপৰত ৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰ
- দিৰাং ডিজং
- গৰম পানীৰ স্প্ৰিং
- চাংটি উপত্যকা
- কলাচক্ৰ গোমপা
অৰুণাচল প্ৰদেশ
সমৃদ্ধিশালী বৈচিত্ৰময় সংস্কৃতি আৰু জৈৱ বৈচিত্ৰতাৰ বৰঘৰ। অৰুণাচল প্ৰদেশৰ বৰফেৰে
আৱৰি ৰখা পৰ্বত আৰু মনোৰম উপত্যকাবোৰত আছে বহুতো আকৰ্শনীয় পৰ্যটনক্ষেত্ৰ। বিভিন্ন
দুঃ-সাহসিক ক্ৰীড়া, মনোৰম প্ৰাকৃতিক পৰিবেশে ভৰপুৰ ৰাজ্য খন আপুনিও এবাৰ ভ্ৰমন
কৰক আৰু উপভোগ কৰক ইয়াৰ অপৰূপ সৌন্ধৰ্য।