ভাৰতৰ বিখ্যাত ৫ টা হিন্দু মন্দিৰ
বিশ্বত থকা প্ৰায় ৯০০ নিযুত হিন্দু জনসাধাৰনৰ সৰহ সংখ্যক লোকেই ভাৰত বৰ্ষত বসবাস
কৰি আহিছে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, পাঞ্জাবৰ পৰা অৰুনাচললৈকে সমগ্ৰ
ভাৰতবৰ্ষতে লাখৰো অধিক হিন্দু দেৱতাৰ উপাসনাৰ মন্দিৰ আছে, যিবোৰৰ সকলোৰে নিজস্ব
নিৰ্মান শৈলী আৰু ভিন্ন উপাস্য দেৱতাৰ বাবে বিখ্যাত। কোনোটো মন্দিৰ
য়দি এটা শিলৰ পৰা নিৰ্মিত, কোনোটো সোণৰ পাতেৰে নিৰ্মিত, কোনোটো ওলমি
থকা স্তম্ভৰসৈতে নিৰ্মিত মন্দিৰ। তলত দেশৰ
এনো পাঁচটা বিখ্যত মন্দিৰৰ সম্পৰ্কে আলেচনা কৰা হৈছে।
মীনাক্ষী অমন মন্দিৰ
মীনাক্ষী অমন
মন্দিৰ ভগৱান শিৱ আৰু ভগৱান পাৰ্বতীৰ অন্যৰূপ সুন্দৰেশ্বৰ আৰু দেৱী মীনাক্ষী অমন নামত
উৎসৰ্গিত। তামিলনাডুৰ মাদুৰাইত বৈগাই নদীৰ পাৰত অৱস্থিত মীনাক্ষী অমন মন্দিৰটো
প্ৰকৃততে কেতিয়া নিৰ্মাণ কৰা হৈছিল সেই বিষয়ে কোনো নিৰ্দিষ্ট বিৱৰণী পাবলৈ নাই।
৭ম শতিকাৰ সাহিত্যত পোৱা এই মন্দিৰৰ বৰ্ণনা অনুকৰি বিশ্বাস কৰা হয় যে মীনাক্ষী
অমন মন্দিৰ ৭ম শতিকাৰ আগতেই নিৰ্মাণ কৰা হৈছিল। বৰ্তমান দেখিবলৈ পোৱা মন্দিৰৰ
গাঁথনিটো ১৭ শতিকাত আক্ৰমণকাৰীসকলে কৰা ক্ষয়-ক্ষতিৰ পিছত কৰা পুনৰ নিৰ্মাণহে মাথো। এই মন্দিৰটোত ৪৫-৫০ মিটাৰৰ ওখ ১৪ টা
টাৱাৰ আৰু ২ টা সোণৰ গোপুৰা আছে। এই মন্দিৰটোত ১,০০০ স্তম্ভৰ এটা বৃহত মন্দপ আছে। এই
মন্দিৰটোৰ অন্যাত্বম
গুৰুত্বপূৰ্ণ বিশেষত্ব হৈছে ইয়াৰ দেৱাল আৰু চিলিং
বোৰত খোদিত হিন্দু দেৱ-দেৱতাৰ প্ৰায় ৩৩,০০০০ ভাস্কৰ্য, যিবোৰ আন যিকোনো
মন্দিৰতেই দেখিবলৈ পোৱা কঠিন। প্ৰতি বছৰে, এই মন্দিৰলৈ লাখ লাখ লোকৰ আগমন
ঘটে বিশেষ কৈ এপ্ৰিল আৰু মে মাহত অনুস্থিত হোৱা বাৰ্ষিক উৎসৱৰ সময়ত মন্দিৰটোত এক
নিযুততকৈও অধিক লোকৰ আগমন ঘটে।
উল্লেখযোগ্য যে মীনাক্ষী
অমন মন্দিৰ মাদুৰাই আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত অৱস্থিত।
বিৰোপাক্ষ মন্দিৰ
বিৰূপাক্ষ
মন্দিৰ হৈছে আটাইতকৈ পুৰণি হিন্দু মন্দিৰ বোৰৰ ভিতৰত এটা অন্যত্ব মন্দিৰ। ৭ম
শতিকাত নিৰ্মাণ কৰা ভগৱান শিৱৰ অৱতাৰ ভগৱান বিৰূপাক্ষক উৎসৰ্গিত মন্দিৰটো কৰ্ণাটকৰ
ৰাজধানী বাংগালোৰ চহৰৰ পৰা ৩৫০ কিলোমিটাৰ দূৰত্বত থকা হামপিত গাঁৱত অৱস্থিত। এইটো ভাৰত বৰ্ষত
থকা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ বোৰৰ ভিতৰত এটা অন্যত্বম স্থান।
১৩৩৬-১৫৭০ খ্ৰীঃ
পূৰ্ব বিজয়ৰাজ ৰাজবংশৰ শাসন কালত নিৰ্মান কৰা মন্দিৰটো আশ্চৰ্যজনক স্থাপত্যেৰে শিল্পৰে
ভৰ্তি হৈ আছে। প্ৰায় ১৬৫ ফুট উচ্চতাৰ ন খলপীয়া বিভিন্ন কাৰুকাৰ্য খচিত সু-উচ্চ
ৰাজকীয় প্ৰবেশ দ্বাৰ খন মন্দিৰটোৰ অন্যত্ব আকৰ্ষনীয় উপাদান। বিৰূপাক্ষ মন্দিৰৰ
মাজেৰে এটা সৰু নলা নিৰ্মাণ কৰা আছে যাৰ জৰিয়তে তুংভদ্ৰ নদীখন মন্দিৰৰ মাজেৰে
প্ৰবাহিত হৈ আছে। প্ৰতিবছৰে ডিচেম্বৰ
মাহত মহাকাশীয় বেট্ৰোথল উৎসৱ আৰু ফেব্ৰুৱাৰী মাহত ৰথ উৎসৱৰ উদ্বযাপন কৰা হয়। এই
খিনি সময়ত মন্দিৰটোত সহস্ৰাধিক লোকৰ আগমন ঘটে।
খাজুৰাহো মন্দিৰৰ
গোট
মধ্য প্ৰদেশত
অৱস্থিত খাজুৰাহো ভাৰতৰ এক বিখ্যাত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। খাজুৰাহো হৈছে এক অনন্য ঐতিহ্য স্থান যিখন হিন্দু আৰু জৈন মন্দিৰৰ এটা গোটৰ
বাবে প্ৰসিদ্ধ। ৯ ম
আৰু ১০শ শতিকাত নিৰ্মাণ কৰা এই মন্দিৰবোৰ বিশ্বৰ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ নামত উৎসৰ্গিত। হান্সী চহৰৰ পৰা
১৭৫ কিলোমিটাৰ দক্ষিণ-পূৱত অৱস্থিত মন্দিৰৰগোটতো নাগৰা শৈলীৰ নিৰ্মান কাৰ্য,
ইৰোটিক চিত্ৰ আৰু ভাস্কৰ্যৰ বাবে সুপৰিচিত। কোৱা হয় যে এই মন্দিৰৰগোট টোত ৮৫ টা
মন্দিৰ আছিল কিন্তু বৰ্তমান মাত্ৰ ১২ টা মন্দিৰহে থিয় হৈ থকা দেখা যায়। এই সকলোবোৰ মন্দিৰৰ ভিতৰত কান্দৰিয়া
মন্দিৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ইৰোটিক
ভংগিত মানৱ আৰু জন্তুৰ ৰূপৰ সংবেদনশীল শিলৰ ভস্কৰ্যবোৰ অতি নান্দনিকভাৱে চিত্ৰিত
কৰা হৈছে যিয়ে ভাৰতৰ সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্যৰ সাক্ষ্য প্ৰদান কৰিছে।
ব্ৰিহদেশ্বৰ মন্দিৰ
ব্ৰিহদেশ্বৰ
মন্দিৰ তামিলনাডুৰ তাঞ্জাভুৰত অৱস্থিত। ভগৱান শিৱ আৰু পাৰ্বতীৰ বাবে উৎসৰ্গিত এই
মন্দিৰটো সম্পূৰ্ণৰূপে গ্ৰেনাইটেৰে নিৰ্মাণ কৰা ভাৰতৰ প্ৰথমটো মন্দিৰ। ১০শ শতিকাত
নিৰ্মাণ কৰা ব্ৰিহদেশ্বৰ মন্দিৰ ভাৰত বৰ্ষত থকা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ
ভিতৰত এটা অন্যত্বম ক্ষেত্ৰ, ইয়াক “গ্ৰেট লিভিং চোল মন্দিৰ” বুলিও কোৱা হয়। ২১৬ ফুট উচ্চতাৰ ওখ শিখৰেৰে ব্ৰিহদেশ্বৰ
মন্দিৰৰ শিখৰ বিশ্বৰ আটাইতকৈ ওখ মন্দিৰৰ শিখৰ। এই মন্দিৰটোৰ শিখৰৰ ওপৰৰ অংশত এটা শিলৰ গম্বুজ আছে যাৰ ওজন প্ৰায়
৮০ টন। এই মন্দিৰটো দক্ষিণ ভাৰতৰ এক গুৰুত্বপূৰ্ণ পৰ্যটন কেন্দ্ৰ।
পুৰী জগন্নাথ মন্দিৰ
পুৰী জগন্নাথ
মন্দিৰ হৈছে উৰিষ্যাৰ পুৰিত অৱস্থিত এটা অতি বিখ্যাত মন্দিৰ। ই ভূৱনেশ্বৰ চহৰৰ পৰা
প্ৰায় ৬০ কিলোমিটাৰ দূৰত অৱস্থিত। এই মন্দিৰটো হিন্দুধৰ্মৰ তীৰ্থযাত্ৰী সকলৰ বাবে
এক গুৰুত্বপূৰ্ণ গন্তব্যস্থান। প্ৰায় ১২ শতিকাত নিৰ্মত পুৰীৰ জগন্নাথ মন্দিৰ ভগৱান
বিষ্ণুৰ নামত উৎসৰ্গিত। এক
আকৰ্ষণীয় স্থাপত্য কলাৰে নিৰ্মিত মন্দিৰটোৰ ৰথৰ চকাটো এটা গুৰুত্বপূৰ্ণ উপাদান। মন্দিৰটোত ছয়টা শিখৰ, অসংখ্য
ভাস্কৰ্য আৰু ইনলে চিত্ৰ আছে। এই
মন্দিৰটোৰ অশে পাশে প্ৰায় ২১ টা বিভিন্ন দেৱ দেবীৰ মন্দিৰ আছে। প্ৰতি বছৰে
আয়োজন কৰা বিখ্যাত ৰথ যাত্ৰা উৎসৱৰ সময়ত বহুতো ইয়ালৈ অগনন লোকৰ আগমন হয়।
১০ একৰ অঞ্চল
আৱৰি পুৰী জগন্নাথ মন্দিৰ হৈছে এনে এটা মন্দিৰ যাক হিন্দুসকলে তেওঁলোকৰ জীৱনকালত
কমেও এবাৰ দৰ্শন কৰিবৰ বাবে ইচ্ছা মনত পুহি ৰাখে। এই মন্দিৰত প্ৰায় ৬০০০ পুৰোহিত আছে যিসকলে
প্ৰতি দিনে ইয়াত পূজা পাৰ্বন, বেদমন্ত্ৰ উচ্চাৰন কৰে।
ভাৰতবৰ্ষৰ বিখ্যাত মন্দিৰৰ বিষয়ে আলোচনা
কৰিবলৈ গ’লে এখন শেষ নোহোৱা তালিকা ওলাই পৰিব, যিবোৰৰ বিষয়ে একেটা লেখাতে
লিখি শেষ কৰাটো কঠিন পিছলৈ ভাৰতবৰ্ষৰ অন্যান্য মন্দিৰ সমুহ যেনে; উত্তৰাখণ্ডৰ
বদ্ৰীনাথ মন্দিৰ, সোমনাথ মন্দিৰ, কেদাৰনাথ মন্দিৰ,
ৰমনাথস্বামী
মন্দিৰ, ত্ৰিপাথি ভেঙ্কটেশ্বৰ মন্দিৰ, কামাখ্যা মন্দিৰ ইত্যাদি বোৰৰ বিষয়ে
আলোচনা কৰা হ’ব।
It was very useful for me tq
ReplyDeleteJajabori
You are most welcome.
Delete