অসমৰ জাতীয় জীৱনৰ লগত ওতঃ প্রোতঃ ভাৱে জড়িত উৎসৱ-বহাগ বিহু| চ'ত মাহৰ সংক্ৰান্তিৰ পৰা আৰম্ভ কৰি মুঠ সাতদিন ধৰি পালন কৰা এই বিহুৰ প্ৰত্যেক দিনৰে একোটাকৈ বৈশিষ্ট আৰু পৰম্পৰা। বহাগ বিহুৰ প্ৰথম দিনটো হৈছে গৰু বিহু। এই গৰু বিহুৰ দিনত অসমীয়া সমাজত ১০১ বিধ শাকৰ ব্যঞ্জন ৰন্ধাটো এটা অতি প্ৰাচীন আৰু জনপ্ৰিয় পৰম্পৰা। গৰু বিহুৰ পুৱাবেলা গৰুক মাঁহ-হালধী সানি নোৱায়-ধোৱাই পথাৰত চৰিবলৈ মেলি দি শাক বোটলাৰ পৰম্পৰা আছে| এই ১০১ শাকত বিভিন্ন শাক-পাচলি, তৰু-লতা আদি অন্তৰ্ভূক্ত কৰা হয়| এই শাক-পাচলিবোৰত টেঙা, কেঁহা, তিতা গুণৰ সমাহাৰ ঘটে| স্বাভাৱিকতে এই সমূহ বন শাক ঔষধি গুণ সম্পন| সেইদিনা গ্ৰহণ কৰা ১০১ শাকত কোনো খাদ্যৰ অশুভ প্ৰতিক্ৰিয়া নাথাকে আৰু নিঃসংকোচে প্ৰত্যেকে ইয়াক গ্ৰহণ কৰে| বিহুৰ প্ৰথম দিনা ঔষধি গুণসম্পন্ন শাক খাই অসমীয়া মানুহে বছৰটোলৈ নিৰুগী হৈ থাকিবলৈ বল বান্ধে| তলত গৰু বিহুৰ পৰম্পৰাগত ১০১ বিধ শাকৰ নাম সমুহ উল্লেখ কৰা হৈছে।
গৰু বিহুৰ পৰম্পৰাগত ১০১ বিধ শাকঃ
- খুতৰা শাক/Amaranthus Virdis L.
- মাল-ভোগ শাক/Portulaca Oleracea
- হাতী-খুতৰা/Amaranthus Spinosus
- সৰু মানিমুনি/Hydrocotyle Rotundifola
- বৰ মানিমুনি/Centella Asiatica
- মাটিকাদুৰী/Alternanthera Sessilis (L)K
- ঢেঁকীয়া/Diplezium Esculentum
- পনৌনৌৱা/Peperomia Pellucida
- ৰঙা পুনৰ্ণৱা/Boerhavia Diffusa/ বগা পুনর্ণৱা/Boerhavia Repens(L)
- লাই জাবৰি/Drymaria Cordata
- বৃন্দাবনী শাক/Alternanthera Denticulata.
- টেঙেচি-শাক/Oxalis Corniculata.
- দোৰোণ /Leucas Aspera
- টেঙামৰা/Hibiscus Subdariffa
- কেঁহৰাজ/Eclipta Prostrata
- মেচাকি পাত/Sarcochlamys Pulcherrima
- পচতীয়া/Vitex Negurdc(Garble)
- মছন্দৰী/Houttuynia Cordata
- চেংমৰা/Lasia Spinosa
- লৰবৰুৱা/Rumex Obtusifolius/Rumex Nepalensis
- পদিনা/Mentha Arvensis
- ধনিয়া/Coriandrum Sativa
- মান-ধনিয়া/Eryngium Foetidum
- মধু-সোলেং /Persicaria Chinensis
- টিকনিবৰুৱা/Smilax Zeylanica L.
- ভূঁই আমলখি/বন আমলখি/Phyllanthus Niruri
- পিপলি/Piper Longum
- পালেং /Spinacia Oleracea
- পিৰালি পালেং /Talinum Paniculatum
- মিথী শাক/Trigonella Foenum-Graecum
- চিৰতা বা কালমেঘ/Andrographis Paniculata
- নৰসিংহ পাত/Murraya Koenigii
- ব্রাহ্মী /Bacopa Monnieri(L) Pennell
- দুপৰটেঙা/পাতেগজা/Bryophyllum Pinnatum
- কাচিদৰীয়া/Lindernia Crustacea|
- ভেদাইলতা/Paederia Foetida.
- কণা শিমলু/Commelina Benghalensis
- শোহনি বন/Acmella Oleracea
- লিহিৰী পতীয়া/Hedyotis Diffusa
- নেফাফু পাত/Clerodendrom Colebrookianum
- টোলোঠাপকা/Ardisia Arborea
- পকমৌ /Physalis Minima
- চাল-কুঁৱৰী/Aloe Barbadensis
- তুলসী পাত/Ocimum Sanctum
- তেজপাত/Cinnamomum Tamala
- বন জালুক/Hedyotis Corymbosa
- কপৌ ঢেঁকীয়া/Lygodium Flexuosum.
- লাচকচি/Solanum Nigrum
- অকলবিৰ/Clerodendrum Indicum
- চজিনা পাত/Moringa Oleifera Lamk
- বৰ থেকেৰা/Garcinia Pedunculata
- আগৰা/Xonthium Strumarium
- জালুক বা জালুকৰ পাত/Piper Nigrum
- বেঁত গাজ/Calamus Tenuis
- শুকলতি /Pogostemon Benghalensis
- বাঘ-আঁচোৰ/Persicaria Perfoliata/Syn: Polygonum Profoliatum
- ভাং পাত/Canabis Sativa
- মহানিম/Azadirachta Indica
- জাতিলাও আগ/Lagenaria Siceraria/Syn: Lagenaria Volgeris
- মেটেকাৰ কুমলীয়া পাত/Monochoria Hastata
- আদা বা আদাৰ গজালি পাত/Zingiber Officinale
- শগুণীলতা/Tinospora Cordifolia
- লাজকী লতা/নিলাজী বন/Mimosa Pudica
- ওভটা শঠ/Achyrenthes Aspera
- গৰু খিচ/Fragaria Indica
- গাখীৰতী-বন/Euphorbia Hirta
- টবুকী লতা/Cissampelos Hexandara
- শতমূলৰ কুমলীয়া কোঁহ/Asparagus Racemosus
- কেঞা বন/Kyllinga Monocephala
- বিহলঙনী/Amphineuron Opulantum/ বিহলঙনী/Polygonum Hydropiper
- সোণ বৰিয়াল/Sida Cordifolia
- মাটি কঠালৰ কুমলীয়া কোঁহ/Ananas Comosus.
- সৰিয়হ শাক/Brassica Nigra
- বলিবকুৱা/Pouzolzia Zeylanica
- বিয়নি সাবটা/Desmodium Caudatum(Syn: D.Laburnifolium)
- গেন্ধালি বন বা গোন্ধোৱা বন/Ageratum Conyzoides
- জিলমিল শাক/ভতুৱা শাক/Chenopodium Album
- পিয়াঁজ পাত/Allium Cepa
- দুবৰি বন/Cynodon Dactylon
- কর্দৈ টেঙাৰ কুমলীয়া পাত/Averrhoa Carambola
- কলমৌ/Ipomoea Aquatica. Forsk
- নল টেঙা/Tetrastigma Thomsoniamum (Syn : Vitis Angustifolia)
- বগা বাহক/Justicia Adhatoda/(Syn :Adhatoxia Vasica)
- তিতাফুল/ৰঙা বাহক/Phlogocianthus Thyrsiflorus
- বগী টেঙা / Cissus Repens
- ভেঁকুৰি তিতা/Solanum Indicum
- মৰলীয়া শাক/Stellaria Media
- বাঁহ গাজ/ Bambusa Tulda/ Bambusa Balcooa
- ৰঙালাও আগ /Cucurbita Maxima
- ভাতকেৰেলাৰ আগ /Momordica Dioica
- কলীয়া কচুৰ ঠোৰ /Calocasia Esculenta
- শ্যামা কচুৰ ঠোৰ /Typhonium Trilobatum
- নলকচুৰ ঠোৰ/Alocasia Macrorrhiza
- ভোগ কচুৰ ঠোৰ /Colocasia Gigantea
- দহিকচুৰ ঠোৰ /Alocasia Odora
- ওলকচুৰ ঠোৰ/Amorphphallus Paeonifiolius
- মান-কচুৰ ঠোৰ /Alocasia Indica
- জহাপাত/Pandanus (Amunllifolitus Roxb
- শেৱালিৰ কমলীয়া আগ/Nyctanthes Arbor-Tristis
- ভীমকলৰ পচলা/ Musa Spp/ Musa Tbalbisiana
- পুৰৈশাক/Basella Rubra/Basella Alba
- চুকা শাক /Rumex Vesicarius
- হেলচি শাক/হেলেঞ্চি/Enhydra Fluctuals
- মৰিচা শাক/Amaranthus Gangetictus Linn/A. Hybridus
- মেজেঙা/Zanthoxylum Oxyphyllturn
- জুতুলিপকা/Rubus Alcerifolius /(Syn: Rubus Moluccanus)
- বচ্/Acxorus Calamus
- তিতা-মৰা/Corchurus Capsularis
- মিঠা-মৰা/Conchurts Olitorius
- মিঠা আলুৰ আগ/Ipomoea Batatas