Top 10 Hot Cities in India/ভাৰতৰ ১০খন আটাইতকৈ গৰম ঠাই

বিশ্বৰ ভিতৰতে এখন বৃহত আয়তনৰ দেশ ভাৰতবৰ্ষত বিভিন্ন সময়ত বিভিন্ন স্থানত ধৰণৰ জলবায়ু দেখিবলৈ পোৱা যায়৷ প্ৰাকৃতিক গঠনৰ ফালৰ পৰা ভাৰতবৰ্ষৰ পৰ্বত, পাহাৰ, মালভূমি, মৰুভূমি আৰু সমভূমিৰে গঠিত৷ এনে ভূ-প্ৰাকৃতিক পৰিবেশৰ বাবেই ঠাই বিলাকৰ মাজত উচ্চতাৰ তাৰতাম্য পৰিলক্ষিত হয় যাৰফলত জলবায়ুৰ তাৰতময দেখিবলৈ পোৱা যায়৷

দেশখনৰ দক্ষিণ অংশ পশ্চিমে আৰৱ সাগৰ আৰু পূবৰ বংগোপসাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ দ্বাৰা আৱদ্ধ৷ অঞ্চলটোৰ ক্ৰান্তীয় জলবায়ুয়ে ইয়াক গ্ৰীষ্মৰ মাহবোৰত গৰম আৰু আৰ্দ্ৰ কৰি ৰাখে৷ এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ লৈকে বিস্তৃত গ্ৰীষ্মকালত দিল্লীৰ দৰে চহৰসমূহত প্ৰায় ৪৫ ডিগ্ৰী আনহাতে ৰাজস্থানৰ ঠাইবোৰ ৪৯ ডিগ্ৰী চেলচিয়াছলাকে উষ্ণতা হোৱা পৰিলক্ষিত হয়৷ এই প্ৰবন্ধটোত আমি ভাৰতৰ শীৰ্ষ ১০টা গৰম স্থানৰ বিষয়ে আলোচনা কৰিম৷

শ্ৰী গংগানগৰ, ৰাজস্থান

ৰাজস্থানৰ উত্তৰ অংশত অৱস্থিত শ্ৰী গংগানগৰ ভাৰতৰ অন্যতম গৰমঠাই৷ ঠাইখন ভাৰত আৰু পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত অৱস্থিত৷ শ্ৰী গংগানগৰে ইয়াৰ সীমা পঞ্জাৱ আৰু হাৰিয়ানাৰ দৰে ৰাজ্যৰ সৈতে ভাগ বতৰা কৰে৷ চহৰখনে গ্ৰীষ্ম আৰু শীত দুয়োটা সময়তে অত্যধিক উষ্ণতা থকা ঠাই খনত মে-জুলাই মাহত গড় উষ্ণতা প্ৰায় ৪১ ডিগ্ৰী চেলচিয়াছ থাকে৷ অন্যহাতে ঠাইখনত বৰ্তমানলৈকে সৰ্বাধিক উষ্ণতাৰ ৰেকৰ্ড ৫০ ডিগ্ৰী চেলচিয়াছ৷ ৰাজস্থানৰ পঞ্জাৱ বুলি অভিহিত ঠাইখন অতি গৰম হোৱা স্বত্বেও, ৰাজস্থানৰ খাদ্যৰ ভাণ্ডাৰ বুলি জনা যায়৷

ঝান্সি, উত্তৰ প্ৰদেশ

ৰাণী লক্ষ্মীবাইৰ জন্ম স্থান ঝান্সি ভাৰতৰ সৰ্ববৃহত জনবসতি পূৰ্ণৰাজ্য উত্তৰ প্ৰদেশত অৱস্থিত৷ “বুন্দেলখণ্ডৰ প্ৰৱেশদ্বাৰ“ বুলি অভিহিত ঝান্সি কৰ্কট ক্ৰান্তীয় অঞ্চলৰ পৰা প্ৰায় 220 কিলোমিটাৰ উত্তৰত অৱস্থিত যাৰ ফলত অঞ্চলটোৰ তাপমান অত্যধিক হয়৷ এপ্ৰিল মাহৰ পৰা জুলাই মাহৰ সময়চোৱাত ইয়াৰ গড় উষ্ণতা প্ৰায় ৪৬ ডিগ্ৰী চেলচিয়াছ থাকে৷ অন্যহাতে ঠাইখনত বৰ্তমানলৈকে সৰ্বাধিক উষ্ণতাৰ ৰেকৰ্ড ৪৮ ডিগ্ৰী চেলচিয়াছ৷

নাগপুৰ, মহাৰাষ্ট্ৰ

মহাৰাষ্ট্ৰ ৰাজ্যৰ তৃতীয় বৃহত্তম চহৰ নাগপুৰক মহাৰাষ্ট্ৰৰ দ্বিতীয় ৰাজধানী বুলি জনা যায়৷ ইয়াত উচ্চ মানদণ্ডৰ কমলাৰ উৎপাদন হোৱাৰ বাবে ই অৰেঞ্জ চিটিৰ নামেৰেও জনাযায়৷ এপ্ৰিল মাহৰ পৰা জুলাই মাহৰ সময়চোৱাত ইয়াৰ গড় উষ্ণতা প্ৰায় ৪০ ডিগ্ৰী চেলচিয়াছ অন্যহাতে চহৰ খনত সৰ্বাধিক ৰেকৰ্ড কৰা তাপমাত্ৰা 48 ডিগ্ৰী চেলচিয়াছ৷

ডাল্টনগঞ্জ, ঝাৰখণ্ড

ঝাৰখণ্ডত অৱস্থিত ডাল্টনগঞ্জ চহৰক মেদিনীনগৰ বুলিও জনা যায়৷ চহৰখনৰ জলবায়ুৰ যথেষ্ট আৰ্দ্ৰ হোৱাৰ বাবে প্ৰখৰ তাপমাত্ৰাৰ সৃষ্টি হয়, যাৰ ফলত প্ৰতি বছৰে চহৰখনৰ পৰা গৰমৰ ফলত বহুতো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা যায়৷ এপ্ৰিল মাহৰ পৰা জুলাই মাহৰ সময়চোৱাত ইয়াৰ গড় উষ্ণতা প্ৰায় ৪০ ডিগ্ৰী চেলচিয়াছ থাকে৷ অন্যহাতে ঠাইখনত বৰ্তমানলৈকে সৰ্বাধিক উষ্ণতাৰ ৰেকৰ্ড ৪৮ ডিগ্ৰী চেলচিয়াছ৷

নতুন দিল্লী, দিল্লী

ৰাজধানী চহৰ দিল্লী ভাৰতৰ আটাইতকৈ গৰম চহৰসমূহৰ ভিতৰত এখন অন্যত্বম চহৰ৷ উপ-ক্ৰান্তীয় আৰু আৰ্দ্ৰ জলবায়ু প্ৰৱাহিত ৰাজধনী চহৰ খনৰ বৰ্ধিত তাপমাত্ৰাই মানুহৰ জীৱনশৈলীক যথেষ্ট সমস্যাৰ সন্মুখীন সন্মুখন হয়৷ মে-জুন মাহত গড় উষ্ণতা ৪৭ ডিগ্ৰী চেলচিয়াছ হোৱা চহৰ খনত সৰ্বাধিক উষ্ণতাৰ ৰেকৰ্ড ৫০ ডিগ্ৰী চেলচিয়াছ৷

ফালোডি, ৰাজস্থান


নিমখ উদ্যোগৰ বাবে বিখ্যাত ৰাজস্থানৰ ফালোডি চহৰক নিমখৰ চহৰ বুলিও কোৱা হয়৷ থাৰ মৰুভূমিৰ বাফাৰ অঞ্চলত অৱস্থিত চহৰখন ভাৰতৰ আটাইতকৈ বেছি গৰম স্থানবোৰৰ ভিতৰত এখন অন্যত্বম৷ মে-জুন মাহত গড় উষ্ণতা ৪৬ ডিগ্ৰী চেলচিয়াছ হোৱা চহৰ খনে এখোজ আগবাঢ়ি গৈছে সৰ্বাধিক উষ্ণতা 51 ডিগ্ৰী চেলচিয়াছৰ ৰেকৰ্ড কৰি ৰাজস্থানৰ আটাইতকৈ গৰম স্থান হৈ পৰিছে৷

আগ্ৰা, উত্তৰ প্ৰদেশ

উত্তৰ প্ৰদেশৰ যমুনা নদীৰ পাৰত অৱস্থিত আগ্ৰা এখন প্ৰসিদ্ধ ঐতিহাসিক চহৰ৷ মোগল যুগৰ ইতিহাস জড়িত এই চহৰখন ভাৰতৰ আটাইতকৈ বেছি গৰম চহৰবোৰৰ ভিতৰত এখন অন্যত্বম চহৰ৷ 56%-60% বায়ুমণ্ডলীয় আৰ্দ্ৰতাৰ চহৰ খনত সাধৰণতে মে-জুন মাহত উষ্ণতা ৪০ ৰ পৰা ৪৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পায় যদিও চহৰ খনত সৰ্বোচ্চ উষ্ণতাই ৪৯ ডিগ্ৰী চেলচিয়াছৰ ৰেকৰ্ড সৃষ্টি কৰিছে৷

চুৰু, ৰাজস্থান

চুৰু ৰাজস্থানৰ মৰুভূমি অঞ্চলৰ এখন সৰু চহৰ৷ এই চহৰখনক থাৰ মৰুভূমিৰ প্ৰৱেশদ্বাৰ বুলি জনা যায়৷ সাধাৰণতে ৪১ ডিগ্ৰী চেলচিয়াছ গড় তাপমাত্ৰা থকা এই অঞ্চলটোত গ্ৰীষ্মকালত সৰ্বাধিক ৫০.৮ ডিগ্ৰী তাপমাত্ৰাৰ ৰেকৰ্ড হোৱা বুলি জনা যায়৷

তিতলাগড়, উৰিষ্যা

তিতলাগড় উৰিষ্যাৰ বালাংগীৰ জিলাৰ এখন সৰু চহৰ৷ এই চহৰ খনক উৰিষ্যাৰ আটাইতকৈ গৰম ঠাই হিচাপে জনাজাত৷ উৰিষ্যাৰ তিতলাগড়ৰ সৰ্বোচ্চ তাপমাত্ৰা ৪৭.৫ ডিগ্ৰী চেলচিয়াছ৷

সম্বলপুৰ, উৰিষ্যা

উৰিষ্যাৰ পূব দিশত অৱস্থিত সম্বলপুৰ হৈছে ৰাজ্যখনৰ 4ৰ্থ বৃহত্তম চহৰ৷ ঐতিহাসিক ভাবে গুৰুত্বপূৰ্ন সম্বলপুত গ্ৰীষ্মকাল মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হৈ জুনৰ দ্বিতীয়াৰ্ধলৈকে থাকে৷ গ্ৰীষ্মৰ দিনবোৰত ইয়াত তাপমাত্ৰা গড়ে ৪৫ ডিগ্ৰী চেলচিয়াছৰ ওপৰেৰে থাকে৷ অন্যহাতে ঠাইখনত বৰ্তমানলৈকে সৰ্বাধিক উষ্ণতাৰ ৰেকৰ্ড ৪৮ ডিগ্ৰী চেলচিয়াছ৷


Post a Comment

Previous Post Next Post