আমাৰ বেছিভাগেই
ডাঙৰ চহৰ ভাল পায়, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সৰু
গন্তব্যস্থানবোৰ আকৰ্ষণীয় বা আশ্চৰ্যজনক হ'ব নোৱাৰে।
পৃথিৱীত বহুতো গাওঁ আছে যিয়ে এক উল্লেখযোগ্য সুন্দৰ অভিজ্ঞতা প্ৰদান কৰে। এইটো
সঁচা যে চহৰবোৰে ওখ আকাশচুম্বী অট্টালিকা, ব্যয়বহুল আৰু বিলাসী পৰিৱেশে লোকসকলক
আকৰ্ষিত কৰে, কিন্তু এটা অঞ্চলৰ মৌলিক সংস্কৃতি অনুভৱ কৰাৰ
সৰ্বশ্ৰেষ্ঠ উপায় হৈছে ডাঙৰ চহৰবোৰৰ পৰা দূৰত থকা সৰু গাওঁবোৰ। তলত পৃথিবীৰ কেইখন
মান আটাইতকৈ ধুনীয়া গাওঁৰ বিষয়ে আলোচনা কৰা হৈছে।
বিশ্বৰ 10 খন আটাইতকৈ ধুনীয়া গাওঁ
- গিথুৰন, নেডাৰলেণ্ড
- মাৰ্চাক্সলোকক, মাল্টা
- গাচাদালুৰ, ফাৰো দ্বীপপুঞ্জ, ডেনমাৰ্ক
- বিবাৰী, ইংলেণ্ড, ইউকে
- ফ্ৰয়েডেনবাৰ্গ, ৰাইন-ৱেষ্টফেলিয়া, জাৰ্মানী
- হলষ্টেট, অষ্ট্ৰিয়া
- পেৰিয়ানগান, ইণ্ডোনেছিয়া
- চাভোকা, ইটালী
- আলবেৰোবেলো, ইটালী
- অয়া, গ্ৰীচ
গিথুৰন, নেডাৰলেণ্ড
গিথুৰন
নেডাৰলেণ্ডৰ এখন সুন্দৰ প্ৰাকৃতিক পৰিবেশেৰে মনোমোহা গাওঁ। গাওঁখন নেডাৰলেণ্ডৰ আটাইতকৈ
সেউজীয়া ঠাইবোৰৰ ভিতৰত এখন, যিখন ডি ৱেৰিবেন-ৱিডেন ৰাষ্ট্ৰীয়
উদ্যানৰ দ্বাৰা আৱৰি আছে ফলত ইয়াত বৃহৎ সংখ্যক গছ-গছনি পোৱা যায়। এখন গাড়ী মুক্ত
গাওঁ হোৱাৰ বাবে, ইয়াত ৰাস্তাৰ সলনি বহুতো ধুনীয়া খাল অথবা নলা
আছে, যিবোৰত যাতায়তৰ বাবে নাওঁ চলাচল কৰে। গিথুৰন গাওঁখনৰ ঘৰবোৰ প্ৰায় ১৫০ খন
দলঙৰে সংযুক্ত হৈ আছে। এই গাওঁখনৰ ভেনিচৰ সৈতে ইমান সাদৃশ্য আছে যে ইয়াক
নেডাৰলেণ্ডৰ ভেনিচ বুলিও কোৱা হয়।
মাৰ্চাক্সলোক, মাল্টা
মাল্টাৰ
দক্ষিণ-পূব অংশত অৱস্থিত, মাৰ্চাক্সলোক হৈছে পৰম্পৰাগত মাছ মৰিয়া
বৃত্তিধাৰী লোকৰ গাওঁ। গাওঁখন মাছৰ বজাৰৰ বাবে বিখ্যাত। ইয়াৰ বন্দৰত বিচৰন কৰা
ৰঙীন নাওবোৰে গাওঁ খনৰ নৈশৰ্গীক পৰিবেশত সোনত শুৱগা চৰাই ইয়াক পৃথিৱীৰ আটাইতকৈ
আকৰ্ষণীয় গাওঁবোৰৰ ভিতৰত এখন কৰি তুলিছে। এই নাওবোৰক 'লুজজুছ' বুলি
কোৱা হয়, যি গাওঁবাসীৰ নিয়মীয়া জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
গাচাদালুৰ, ফাৰো দ্বীপপুঞ্জ, ডেনমাৰ্ক
গাচাদালুৰ হৈছে ডেনমাৰ্কৰ
ফাৰো দ্বীপপুঞ্জৰ মাইকাইনচ দ্বীপত অৱস্থিত এখন আকৰ্ষণীয় সৰু গাওঁ। এটা ওখ শিলৰ
কাষত আৰু মাইকাইনচ দ্বীপপুঞ্জৰ ওপৰৰ ওখ পৰ্বতৰে আৱৰি থকা, গাচাদালুৰ গাও পৃথিৱীৰ
আটাইতকৈ ধুনীয়া গাওঁবোৰৰ এখন অন্যত্বম গাওঁ। ইয়াৰ অৱস্থান ডেনমাৰ্কৰ মূল ভূখণ্ডৰ
পৰা বিচ্ছিন্ন সাগৰীয় দ্বীপত হোৱাৰ বাবে, গাওঁখনৰ জনসংখ্যা ২০২০ চনৰ এক পিয়ল মতে
কেৱল ১১ জন।
বিবাৰী, ইংলেণ্ড, ইউকে
বিবাৰী হৈছে
ইংলেণ্ডৰ গ্লচেষ্টাৰশ্বায়াৰৰ কলন নদীৰ পাৰত অৱস্থিত এখন সুন্দৰ মনোমোহা গাওঁ।
উইলিয়াম মৰিছ নামৰ বিখ্যাত ইংৰাজ ডিজাইনাৰজনে ইয়াক "ইংলেণ্ডৰ আটাইতকৈ
ধুনীয়া গাওঁ" বুলি বৰ্ণনা কৰিছিল। সপ্তদশ শতিকাত নিৰ্মিত শিলৰ ঘৰবোৰ আৰু
গাওঁখনৰ মাজেৰে বৈ যোৱা কলন নদীখন বিবাৰীৰৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। গাওঁখন ব্ৰিটিছ পাছপোৰ্টৰ
ভিতৰৰ আৱৰণত দেখুওৱা এক ৰাষ্ট্ৰীয় ভাৱে উল্লেখযোগ্য স্থাপত্য সংৰক্ষণ ক্ষেত্ৰ। পৰম্পৰাগত গ্ৰাম্য
গাওঁ, চাহ ঘৰ আৰু ক'টছৱল্ড
জিলাৰ বহুতো ঐতিহাসিক ভৱন ইয়াত ভ্ৰমণ কৰা
পৰ্যটকসকলৰ বাবে মুখ্য গন্তব্যস্থান; ই ব্ৰাছেলছৰ মিনি-ইউৰোপত প্ৰদৰ্শিত
দেশৰ ছয়খন স্থানৰ ভিতৰত এখন।
ফ্ৰয়েডেনবাৰ্গ, ৰাইন-ৱেষ্টফেলিয়া, জাৰ্মানী
ফ্ৰয়েডেনবাৰ্গ
এখন অতি সুন্দৰ মধ্যযুগীয় সৰু চহৰ, যিখন জাৰ্মানীৰ ৰাইন-ৱেষ্টফেলিয়া প্ৰদেশত
অৱস্থিত। এই সৰু চহৰখন মাত্ৰ 54/ 48 বৰ্গ কিলোমিটাৰ এলেকাত বিয়পি আছে। ফ্ৰয়েডেনবাৰ্গ
এখন কেৱল জাৰ্মানীৰ আটাইতকৈ ধুনীয়া সৰু চহৰেই নহয় ই বিশ্বৰ আটাইতকৈ ধুনীয়া
গাওঁবোৰৰ ভিতৰত অন্যতম গাওঁ। গাওঁখনৰ একে আকাৰ আৰু আৰ্হিৰ কাঠৰে নিৰ্মিত মধ্যযুগীয়া
ঘৰ বোৰৰ মনোৰম দৃশ্যপটতে চহৰখনক এক ৰূপকথাৰ
ভূমিলৈ পৰিবৰ্তিত কৰে।
হলষ্টেট, অষ্ট্ৰিয়া
অষ্ট্ৰিয়াৰ মনোৰম
হ্ৰদ হলষ্টেট আৰু উচ্চ ডাচষ্টাইন পৰ্বতমালাৰ মাজত অৱস্থিত, হলষ্টেট হৈছে এক
অত্যাশ্চৰ্য আলপাইন গাওঁ যি সকলো সৌন্ধৰ্যপিপাসু পৰ্যটকক আকৰ্শিত কৰে। এই সুন্দৰ
হ্ৰদৰ কাষৰ গাওঁখন অষ্ট্ৰিয়াৰ আটাইতকৈ আলোকচিত্ৰ লোৱা স্থানবোৰৰ ভিতৰত অন্যতম। এক
সুন্দৰ পৰিৱেশৰে ভৰপুৰ গাওঁখনৰ, এই গাওঁখনৰ যথেষ্ট ঐতিহাসিক গুৰুত্ব
আছে। হলষ্টেটৰ আলপাইন ঘৰ আৰু আলিপথবোৰ প্ৰায় ষোড়শ শতিকাতেই নিৰ্মান কৰা। ইয়াতেই
পৃথিৱীৰ আটাইতকৈ পুৰণি নিমখ খনিও আছে। হলষ্টেট গাঁৱত এটা সংগ্ৰহালয় আছে, যি
হৈছে 7000 বছৰ পুৰণি শিল্পকলাৰ ভৰাল ঘৰ।
পেৰিয়ানগান, ইণ্ডোনেছিয়া
পেৰিয়াংগান
হৈছে এখন মিনাংকাবাউ গাওঁ, যিখন ইণ্ডোনেছিয়াৰ পশ্চিম সুমাত্ৰা প্ৰদেশৰ তানাহ
দাতাৰৰিৰ ৰিজেন্সিত অৱস্থিত। মাৰাপি পৰ্বতৰতলৰ ঢালতঅৱস্থিত মিনাংকাবাউ গাওঁখন স্থানীয়
জনশ্ৰুতি অনুসৰি মিনাংকাবাউ গাওঁবোৰৰ ভিতৰত আটাইতকৈ পুৰণি। আজি গোটেই গাওঁখন
ৰাষ্ট্ৰীয় আইনৰ অধীনত সাংস্কৃতিক স্মাৰক হিচাপে সংৰক্ষণ কৰা হৈছে। গাওঁখনত বহুতো 'ৰুমাহ
গাদাং' পৰম্পৰাগত ঘৰ আছে। ইয়াৰ ভিতৰত আটাইতকৈ পুৰণিটো তিনিশ বছৰ পুৰণি
বুলি কোৱা হয় আৰু ইয়াত সুন্দৰ কাঠত খোদাই কৰা দেৱাল আছে। চহৰখনৰ কেন্দ্ৰবিন্দু
হৈছে এটা ডাঙৰ পৰম্পৰাগত মছজিদ যাৰ
নিৰ্মান ঊনবিংশ শতিকাৰ আৰম্ভণিৰ বুলি কোৱা হয়। এইটো গাওঁখনত থকা আটাইতকৈ পুৰণি
মিনাংকাবাউ মছজিদ বুলি বিশ্বাস কৰা হয়। মিনাংকাবাউ হৈছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া
গাওঁবোৰৰ ভিতৰত এটা, যাক এক মহান সাংস্কৃতিক আৰু ঐতিহাসিক
গুৰুত্বপূৰ্ণ স্থান হিচাপে সুৰক্ষিত কৰা হয়।
চাভোকা, ইটালী
ইটালীৰ চিচিলিৰ পূব
মূৰৰ ওচৰত অৱস্থিত, চাভোকা তাওৰমিনাৰ বিখ্যাত পৰ্যটন স্থলী। চাভোকা(মেছিনা)হৈছে
ইটালীৰ আটাইতকৈ ধুনীয়া গাওঁবোৰৰ ভিতৰত এখন। দ্বৈত মূৰৰ পাহাৰৰ শিলত স্থাপিত এই
সৰু গাওঁখন সাগৰ পৃষ্ঠৰ পৰা ৩৩০ মিটাৰ ওপৰেৰে অৱস্থিত আৰু তাত প্ৰায় ১৭০০ জন লোক
বাস কৰে। এই গাওঁ খনতেই বিশ্বযুৰি প্ৰশংসিত গডফাদাৰৰ চলচ্চিত্ৰৰ ছেট আছিল। ইয়াত
বহুতো বস্তু চাবলৈ আছে, যাৰ ভিতৰত আছে গীৰ্জা ঘৰ
আৰু অন্যান্য পুৰণি অট্টালিকা।
আলবেৰোবেলো, ইটালী
দক্ষিণ-পূব ইটালীত অৱস্থিত, আলবেৰোবেলো হৈছে এক প্ৰকাৰৰ শুকান শিলৰ কুটিৰৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ যাৰ শঙ্কু চাল আছে ইয়াক ট্ৰুলো বুলিও কোৱা হয়। ১৯৯৬ চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে মনোনীত চহৰখন ভ্ৰমণৰ বাবে এক বিস্ময়কৰ ঠাই। চহৰখনত কেইবাটাও আশ্চৰ্যকৰ গীৰ্জা আছে যাৰ ভিতৰত আছে চিয়েচা দি ছান্ট'এণ্টোনিঅ আৰু চিয়েচা দেই চেণ্টি মেডিচি কচমা ই ডামিয়ানো অন্যত্বম।
অয়া, গ্ৰীচ
অয়া হৈছে গ্ৰীক
এজিয়ান দ্বীপ চেণ্টোৰিনিৰ উত্তৰ-পশ্চিম মূৰত থকা শিলৰ ওপৰত অৱস্থিত, এক
আশ্চৰ্যকৰ পৰিৱেশৰ সৈতে এখন ধুনীয়া গাওঁ। মনোৰম গাওঁখন তীব্ৰ ঢালত অৱস্থিত যিয়ে
আৱাসী আৰু ভ্ৰমণকাৰীসকলক বিশ্ববিখ্যাত চেণ্টোৰিনি কালডেৰাৰ জোৱান-ড্ৰপিং সুন্দৰ
দৃশ্য উপভোগৰ সুযোগ দিয়ে। 19.449 বৰ্গ কিমি বিয়পি থকা গাওঁ খনৰ ২০১১ চনৰ পিয়ল এনুসৰি
জনসংখ্যা ১,৫৪৫ জন। ঐতিহ্যমন্দিত গাওঁখন পূৰ্বতে গ্ৰীচৰ বানিজ্যিক নৌ-বাহৰ আছিল। গাওঁখনৰ
সৰ্বোচ্চ অংশত অৱস্থিত দুমহলীয়া কেপ্টেইনৰ ঘৰবোৰে গাওঁখনৰ পূৰ্বৰ সমৃদ্ধিৰ স্মাৰক
বহন কৰে। ১৯৫৬ চনৰ ভূমিকম্পৰ ফলত চহৰখনৰ কিছু অংশ ধ্বংস হৈছিল। বৰ্তমানেও দৰ্শনাৰ্থীয়ে
ইয়াৰ অনন্য স্থাপত্য, কেপ্টেইনৰ ঘৰ, ব্লু ডোম,
গুহা
ঘৰ আৰু মনোৰম সূৰ্যাস্তৰ দৃশ্য উপভোগ কৰিবৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়।