দিহিং-পাটকাই উৎসৱ (Dihing Patkai Festival)

অসমত অনুষ্ঠিত হােৱা আন এটা উল্লেখযােগ্য পর্যটন উৎসৱ হৈছে দিহিং-পাটকাই উৎসৱ । উজনি অসমৰ তিনিচুকীয়া জিলাৰ সদৰ ঠাই তিনিচুকীয়া চহৰৰ পৰা প্রায় ৭৫ কিঃ মিঃ আৰু মাৰ্ঘেৰিটাৰ পৰা ২৫ কিঃমিঃ পবে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু লেখাপানী নগৰৰ পৰা ৭ কিলােমিটাৰ দূৰত এই উৎসৱ অনুষ্ঠিত হয়। ২০০২ চনৰ পৰা এই উৎসৱ উদ্যাপন কৰি অহা হৈছে। উৎসৱস্থলীৰ উত্তৰে দিহিং নদী আৰু পেঙ্গেী বনাঞ্চল, পশ্চিমে অসম অৰুণাচল প্রদেশৰ টিপ গেট আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ, পূবে ৰামপুৰ গাঁও আৰু দক্ষিণে টিপং কয়লাখনি আৰু টিপ নদী আছে।

দিহিং-পাটকাই অঞ্চলটো এক ইতিহাস প্রসিদ্ধ অঞ্চল । সুদীর্ঘ প্রায় ছশ বছৰীয়া। আহােম ৰাজ্যৰ প্রতিষ্ঠাতা চুকাফাৰ নাম দিহিং নদী আৰু পাটকাই পৰ্বতৰ লগত ওতঃপ্রােতভাৱে জড়িত হৈ আছে। চুকাফাই পিতৃ-পিতামহৰ ৰাজ্য (ব্রহ্মদেশ) পৰিত্যাগ। কৰি এই পাটকাই পর্বত পাৰ হৈ দিহিং নদীয়েদি আহি অসমত ৰাজ্য প্রতিষ্ঠা কৰিছিল। তাৰাে আগতে চীন, ম্যানমাৰ আদি অঞ্চলৰ পৰা অহা মঙ্গোলীয়ান প্ৰব্ৰজনকাৰীসকলে এই অঞ্চলত বসবাস কৰিছিল । এইদৰে, পৰৱৰ্তী কালত চিংফৌ, খামটি, টাংচা নকটে, ৱাচেং, টাইফাকে, চেমা নগা, আহােম, দেউৰী, কছাৰী, হাজং, মিচিং, চাহ জনজাতি আদি বহু জনগােষ্ঠী ইয়াতে বসবাস কৰিবলৈ লয়। জাতি, ধর্ম, বর্ণ নির্বিশেষে সংকীর্ণতাৰ 

সকলাে পাৰ ভাঙি সম্প্রীতিৰ এনাজৰীৰে সাগ দিহিং-পাটকাই অঞ্চলটো বাৰেৰই

* এ খাৰুৱা তেল, প্রাকৃতিক গেচ ২ সংস্কৃতিৰ এক সম, স্বয় ক্ষেত্ৰ হিচাপ পৰিত হৈছে। আনহাতেদি এই অঞ্চলৰ

গেই, কয়লা, বনজ সম্পদ তথা হত জৈৱ-বৈচিত্র্য আৰু অন্যান্য ব্যৱসায় বাণিজ্য গাঢ় লৈ ৯

যাজ্য গঢ় লৈ উঠাত অর্থনৈতিকভাৱেও স্থানীয় বাসিন্দাসকলক স্বাৱলম্বা হােৱাত সহায় কৰি আহিছে। এইবাৰ উপৰিদতিকে ধৰি অৰণ্যৰ মাজেদ বৈ অহা সৰু বৰ নৈবােৰ, দুস্পাপ্য উল্লিদ আৰু প্রাণীজগত অৰুণাচল প্রদেশৰ অন্তৰ্গত নামদা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র প্রকল্প সউস নীলা পাটকাই পর্বত, বৰফে আবৃত্ত কুমনবুম আৰু দফাবুম পর্বৰ প্রাকৃতিক দৃশ্য, ভিন্ন জাতি-জনজাতিৰ বাৰেৰহণীয়া সংস্কৃতি, দ্বিতীয় মহাসমৰৰ প্রসিদ্ধ ষ্টিলরেল পথৰ উপৰি যুদ্ধত নিহিত হােৱা চীনা সৈন্যৰ দুখন সমাধি ক্ষেত্র আদি পর্যটকসকলক আকর্ষণ কৰিব পৰা অসংখ্য উপাদানেৰে এই অঞ্চলটো সমৃদ্ধ। সেয়ে, পর্যটকসকলক আকর্ষণ কৰিবৰ বাবে চৰকাৰী আৰু পর্যটন বিভাগৰ পৃষ্ঠপােষকতাত ২০০২ চনৰ পৰা দিহিং-পাটকাই অঞ্চলত প্রতিবছৰে দিহিং-পাটকাই উৎসৱনামে এক পর্যটন উৎসৱ উদ্যাপন কৰি অহা হৈছে। উল্লেখযােগ্য যে ২০০৩ চনৰ দ্বিতীয় দিহিং-পাটকাই উৎসৱত ভাৰতৰ সেই সময়ৰ ৰাষ্ট্রপতি ডঃ এ.পি.জে. আব্দুল কালামৰ দৰে বৰেণ্য ব্যক্তিয়ে অংশ গ্রহণ কৰি উৎসৱৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। উৎসৱথলীৰ সন্মুখতে ষ্টিলৱেল পথৰ ওপৰত চাৰিপথৰ ব্যৱস্থাৰে পকা, যথেষ্ট ওখ আৰু ধুনীয়া চাওলুং চুকাফা সম্প্রীতি তােৰণ আৰু এক স্থায়ী ৰঙ্গমঞ্চ ৰাষ্ট্রপতিজনে উদ্বোধন কৰে।

পর্যটকসকলক আকর্ষণ কৰিবলৈ উৎসৱস্থলীত ১৯ টা জনগােষ্ঠীৰে (মিচিং, দেউৰী, মৰাণ, ফাকিয়াল, টাংচা নগা, মণিপুৰী, চেমা নগা, টাইফাকে, ভােজপুৰী, খামটি, হাজং, চিংফৌ, ৰাভা, নেপালী, নকটে, আহােম, চাহ জনজাতি আদি) গঠিত এখন আদর্শ গাঁও পতা হয়। উৎসৱৰ সময়ত এই জনগােষ্ঠীসমুহে নিজৰ নিজৰ চৌহদত পৰম্পৰাগত তথা ৰুচিপূর্ণ খাদ্যৰ ব্যৱস্থা কৰে। তদুপৰি উৎসৱৰ লগত সংগতি ৰাখি এই জনগােষ্ঠীসমূহৰ বর্ণাঢ্য সাংস্কৃতিক শােভাযাত্রা, নৃত্য, গীত, পৰম্পৰাগত সাজপাৰ, শিল্পকলা, খাদ্য আদিৰ প্রদর্শনীৰাে ব্যৱস্থা কৰে। এই বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানবােৰ এই উৎসৱৰ মূল বৈশিষ্ট্য, যিয়ে পর্যটকসকলক যথেষ্ট আর্কষিত কৰা দেখা যায়। আনহাতে, উৎসৱৰ কেইদিন উৎসৱৰ লগত সংগতি ৰাখি এক বাণিজ্যিক মেলা আৰু গ্রন্থ বিপণীৰাে ব্যৱস্থা কৰা হয়।।

এই উৎসৱে অদূৰ ভৱিষ্যতেও দেশী-বিদেশী পর্যটকক আকৰ্ষণ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। গােটেই অঞ্চলটো দেশখনৰে আটাইতকৈ চহকী উত্তৰ-পূব-জৈৱ ।


Post a Comment

Previous Post Next Post