উত্তৰ পূব ভাৰতৰ এখন সৰু পাহাৰীয়া চহৰ শ্বিলং(Shillong) , প্ৰাচ্যৰ স্কটলেণ্ড হিচাপে জনাজাত এই চহৰখন মেঘালয় ৰাজ্যৰ ৰাজধানী। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৪৯৬ মিটাৰ উচ্চতাত অৱস্থিত শ্বিলং চহৰ খন উত্তৰ-পূব ভাৰতৰ ভিতৰত গুৱাহাটীৰ পিচতেই দ্বিতীয় বৃহৎ চহৰ হোৱাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতো এখন বৃহৎ পাহাৰীয়া মহানগৰ। স্কটলেণ্ডৰ সৈতে সাদৃশ্য থকা শ্বিলং চহৰখনক বহুতে “The Land of Sevenhearts, Land of Honey and Bee” বুলি কয়।
শ্বিলং চহৰখন ঐতিহাসিক ভাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ব্ৰিটিছ শাসন কালত চহৰখনে অবিভক্ত অসমৰ প্ৰশাসনিক ক্ষেত্ৰখনত বিশেষ ভূমিকা পালন কৰিছিল। ১৮৬৪ চনত ব্ৰিটিছে শ্বিলঙত খাছী আৰু জয়ন্তীয়া পাহাৰৰ অসামৰিক কেন্দ্ৰ স্থাপন কৰাৰ পিছত চহৰখন দ্ৰুতগতিত বিকশিত হবলৈ ধৰে। ১৮৭৪ চনত শ্বিলং অসমৰ প্ৰশাসনিক ব্যৱস্থাৰ মুখ্যকেন্দ্ৰৰূপে পৰিগনিত হয়। শ্বিলংক অসমৰ প্ৰশাসনিক ব্যৱস্থাৰ মুখ্যকেন্দ্ৰৰূপে বাচিলোৱাৰ মুখ্য কাৰন আছিল আছিল ব্ৰহ্মপুত্ৰ আৰু সুৰমা উপত্যকাৰ মাজত শ্বিলঙৰ সুবিধাজনক অৱস্থান লগতে ভাৰতৰ ইয়াৰ শীতল জলবায়ু। ১৯৭২ চনৰ ২১ জানুৱাৰী তাৰিখে খাছি পাহাৰ জিলা, গাৰো পাহাৰ জিলা আৰু জয়ন্তীয়া পাহাৰ জিলাক একলগ কৰি মেঘালয় গঠন কৰাৰ আগলৈকে শ্বিলং অবিভক্ত অসমৰ ৰাজধানী আছিল। তেতিয়াৰ পৰা শ্বিলং নৱগঠিত মেঘালয়ৰ ৰাজধানীৰূপে মনোনীত কৰা হয়।
উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ অন্যত্বম আকৰ্ষণস্থলী শ্বিলঙলৈ পৰ্যটকৰ আকৰ্ষনৰ মূখ্য কৰণটো হৈছে শ্বিলংৰ অপৰূপ প্ৰাকৃতিক সৌন্ধৰ্য। ইয়াৰ পাহাৰ, ডাৱৰ, চিৰসেউজ বনাঞ্চলৰ অপৰূপ সৌন্দৰ্যই সৌন্ধৰ্যপিপাসু সকলোকে হাত বাউলি দি মাতে।
শ্বিলঙত পৰ্যটত সকলৰ বাবে দৰ্শণনীয় স্থান সমূহ হ’লঃ
• ৱাৰ্ড হ্ৰদ
• শ্বিলং পিক্ (Shillong Peak)
• প্ৰজাপতি সংগ্ৰহশালা
• শ্বপটান শৃংগ
• বৰাপানী হ্ৰদ
• বিডন জলপ্ৰপাত
• বিছপ জলপ্ৰপাত
• ক্ৰিনলিন জলপ্ৰপাত
• ছুইট জলপ্ৰপাত
• এলিফেণ্ট জলপ্ৰপাত
• লেডী হাইদৰী উদ্যান
ৱাৰ্ড হ্ৰদঃ (Ward's Lake)
ব্ৰিটিছ অসমৰ চীফ কমিচনাৰ উইলিয়াম ৱাৰ্ড (William Ward)ৰ নামেৰে নামকৰন কৰা শ্বিলং চহৰৰ মাজ-মজিয়াত অৱস্থিত ৱাৰ্ড হ্ৰদ আৰু তাৰ কাষতেই থকা নানা ৰং বিৰঙী আৰু দেশী-বিদেশী ফুলৰ উদ্যান খনে পৰ্যটক সকলক আকৰ্ষণ কৰে। প্ৰায় ১০০ বছৰৰ পুৰণি এই হ্ৰদটো বিভিন্ন প্ৰজাতিৰ মাছৰ বাসস্থান। পিকনিক স্পষ্ট হিচাপে জনপ্ৰিয় ৱাৰ্ড হ্ৰদৰ মুখ্য আকৰ্ষন হৈছে নৌকা বিহাৰ (Boating)। চহৰ খনৰ মাজ মজিয়াত অৱস্থিত হোৱাৰ বাবে হ্ৰদটোলৈ যাতায়তৰ অত্যন্ত সু-ব্যৱস্থা আছে।
শ্বিলং পিক্ (Shillong Peak)
পৰ্যটকৰ বাবে শ্বিলংৰ অন্যত্বম আকৰ্ষণীয় স্থান হৈছে শ্বিলং পিক বা শ্বিলং শৃংগ। শ্বিলং চহৰৰপৰা প্রায় ১০ কি.মি. দূৰত সমুদ্রপৃষ্ঠৰ পৰা প্রায় ৬৪৪৫ ফুট উচ্চতাত অৱস্থিত শ্বিলং পিক শ্বিলঙৰ সর্বোচ্চ স্থান। য’ৰপৰা গোটেই শ্বিলং চহৰখন দেখা পোৱা যায়। স্থানীয় জনশ্রুতিমতে এই শ্বিলং শৃংগতেই খাচীসকলৰ আৰাধ্য দেৱী “উলেই শ্বাল্লঙে” ইয়াতে বসবাস কৰিছিল। সেইবাবে এই শৃংগটোক খাচীসকলে অতি প্ৰবিত্ৰ স্থান হিচাপে গন্য কৰে আৰু প্ৰতি বছৰে বসন্তে ঋতুত ইয়াত এটি উৎসৱৰ আয়োজন কৰে। শ্বিলং পিকত ভাৰতীয় বিমানবাহিনী ঘাঁটি আৰু ৰাডাৰ স্টেশন আছে যাৰ বাবে গেটসমুহত অধিক চেকিং কৰা পৰিলক্ষিত হয়।